Show/Hide Keyboard Layout

দিয়া ঘূৰাই দিয়া

- জুবিন গাৰ্গ

দিয়া ঘূৰাই দিয়া

পৃথৱী আমাৰ আমাক

আইতাৰে সাধু তৰালি সৰা চোতাল

সেয়াই লাগে আমাক

নালাগে ওলোটা পৃথিৱী

অ’ আমি আমিয়েইচোন

পৃথিৱী ভঙা আৰু গঢ়াৰ সপোন নতুন ।

 

আনা ঘূৰাই আনা

ধৰা নিভাঁজ হিয়াৰ

আনা ঘূৰাই আনা

ধৰা নিভাঁজ হিয়াৰ

শেৱালি পাহিত দুভৰি ঠুনুক ঠানাক

সেইয়াই লাগে আমাক

নালাগে ওলোটা পৃথিৱী

অ’ আমি আমিয়েইচোন

পৃথিৱী ভঙা অৰু গঢ়া সপোন নতুন ।

 

ক খ গ ঘ আৰু ঙ

পাটীগণিত আৰু কুঁহিপাঠ

পঢ়ালা পঢ়ি আছোঁ

শিকালা শিকি আছোঁ

এতিয়া কিয় দিয়া মৰণ আঘাত,

বুৰঞ্জীৰে পাত লুটিয়ালে

আমাৰে মৰমে দিব সকীয়াই

যদিহে আমাৰ অস্তিত্ব নাই

তেনে বুৰঞ্জী কোনেও নাচায় ।।

 

Touch it

Touch your freedom

Grab it hold it and bring to your knees

O' We will, we all are with you

We make the world shine like the sun ...

Hits: 3801